ঘৰুৱা হিংসা বনাম কিৰণজিত আহলুৱালিয়া
লিপিকা দাস
স্বাধীনতা এনে এটা শব্দ যিটো সকলোৰে প্রিয় আৰু কাম্য ।
কম-বেছি পৰিমাণে সকলোৱে মুক্ত মনে এটা স্বাধীন জীৱন যাপন কৰিব বিচাৰে য’ত কোনো বাধ্যবাধকতা, অৱদমন বা শোষণৰ ভাৱ নাথাকে কিন্তু মনে বিচাৰিলেই জানো সকলো পাব পাৰি! বিশেষকৈ নাৰীসকলৰ ক্ষেত্ৰত “স্বাধীনতা” এক বিলাসী ধাৰণা মাথোন ।
কিয়নো সমাজে বান্ধি দিয়া “ভাল নাৰী”ৰ সংজ্ঞা পূৰাবলৈ গৈ নাৰী সোমাই পৰে কটকটীয়া কিছুমান বন্ধনীৰ আৱেষ্টনীৰ মাজত । কিন্তু সজাত বন্দী চৰায়ে জানো মুক্তিৰ সপোন নেদেখে? ডেউকা মেলি আকাশত উৰি ফুৰাৰ হাবিয়াস নকৰে?
কৰে নিশ্চয় ।
সেয়ে সময়ে সময়ে নাৰী মন হৈ পৰে বিদ্ৰোহী, প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’ব পৰা একো একোগৰাকী শক্তিধাৰী দেৱী । যা হওক এতিয়া মূল কথালৈ আহোঁ ।
সততে আমাৰ নাৰী সমাজে বিশ্বজুৰি সন্মুখীন হোৱা এক বৃহৎ সমস্যা হৈছে ঘৰুৱা হিংসা যাক ইংৰাজীত কোৱা হৈছে Domestic Violence বুলি ।
ৰাষ্ট্ৰসংঘই ‘ঘৰুৱা হিংসা‘ৰ সংজ্ঞা দিছে এইদৰে— “Domestic violence, also called domestic abuse or intimate partner violence, is any pattern of behavior that is used to gain or maintain power and control over an intimate partner. It encompasses all physical, sexual, emotional, economic and psychological actions or threats of actions that influence another person.”
চমুকৈ ক’বলৈ গ’লে নিজৰ সংগীৰ ওপৰত প্ৰভুত্ব স্থাপন কৰি তেওঁক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ তেওঁৰ ওপৰত চলোৱা যিকোনো শাৰীৰিক, মানসিক, যৌন, আৰ্থিক আদি অত্যাচাৰকে ঘৰুৱা হিংসাৰ অন্তৰ্গত বুলি ধৰা হয় ।
বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি, সমগ্ৰ বিশ্বৰ ১৫-৪৯ বছৰ বয়সৰ মহিলাসকলৰ এক-তৃতীয়াংশই (২৭%) নিজৰ সংগীৰ দ্বাৰা শাৰীৰিক, মানসিক তথা যৌন ভাৱে শোষিত হয় ।
প্ৰতিবেদনখনত ঘৰুৱা হিংসাৰ কাৰক কিছুমানো উল্লেখ কৰা হৈছে । সেইবোৰ হ’ল–
১) অল্পশিক্ষা
২) শিশু নিৰ্যাতনৰ সৈতে জড়িত অতীত অভিজ্ঞতা
৩) পাৰিবাৰিক হিংসাৰ সাক্ষী
৪) অসামাজিক ব্যক্তিত্ব
৫) অতিৰিক্ত সুৰাপান বা মাদক দ্ৰব্যৰ কুপ্ৰভাৱ
৬) একাধিক সংগী থকাকে ধৰি হিংসাত্মক মনোভাৱাপন্ন ক্ষতিকাৰক পুৰুষতান্ত্ৰিক মানসিকতা
৭) মহিলাৰ তুলনাত পুৰুষক উচ্চ স্থান প্ৰদান কৰা সামাজিক ধাৰণা
৮) কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত মহিলাৰ লঘু অংশীদাৰীত্ব
৯) লিংগ সমতাৰ নিম্ন স্তৰ
১০) পুৰুষে নিজৰ সংগীৰ প্ৰতি কৰা দমনমূলক আচৰণ ।
লিংগ, বৈষম্য আৰু নাৰীৰ বিৰুদ্ধে হিংসাৰ গ্ৰহণযোগ্যতাৰ ওপৰত থকা সামাজিক নীতি-নিয়মবোৰেই হৈছে নাৰীৰ বিৰুদ্ধে হোৱা হিংসাৰ মূল কাৰণ ।
যা হওক, এই সামাজিক ব্যাধিৰ সৈতে জড়িত কিছুমান নেতিবাচক প্ৰভাৱো উল্লেখ কৰা হ’ল–
১) আত্মহত্যাৰ প্ৰৱণতা গঢ়ি তোলে
২) বিভিন্ন ধৰণে আঘাতপ্ৰাপ্ত হোৱা । ঘৰুৱা হিংসাৰ বলি হোৱা ৪২% মহিলাই আঘাতপ্ৰাপ্ত হয় বুলি সমীক্ষাত জানিব পৰা গৈছে ।
৩) ঘৰুৱা হিংসাই মহিলাসকলৰ মাজত হতাশা, নিৰাশা, দুশ্চিন্তা, চাপ, নিদ্ৰাহীনতা, খোৱা লোৱাৰ ক্ষেত্ৰত অযত্ন আৰু আত্মহত্যাৰ প্ৰৱণতা আনি দিয়ে বুলি জানিব পৰা গৈছে ।
মুঠতে ঘৰুৱা হিংসা হৈছে একপ্ৰকাৰৰ জটিল সামাজিক ব্যাধি যাৰ চিকিৎসা উপযুক্ত সময়ত নকৰিলে আৰু বহু নাৰীয়েই পৃথিৱীত থাকিও নৰক যন্ত্ৰণা ভুগিব লগা হৈ থাকিব ।
এইখিনিতে হয়তো আপোনালোকৰ মনলৈ আহিছে যে লেখাটোৰ শিৰোনামৰ সৈতে ঘৰুৱা হিংসা বিষয়টোৰ কি সম্পৰ্ক নাইবা কিয় মই এইখিনি কথাৰ অৱতাৰণা কৰিব লগা হ’ল । গতিকে পলম নকৰি মূল বিষয়বস্তুলৈ আহিছো । কিছুদিন পূৰ্বে Youtube scroll কৰি থাকোতে ঐশ্বৰ্য্য ৰায় অভিনীত এখন বোলছবি মোৰ দৃষ্টিগোচৰ হয় । ছবিখনৰ নাম আছিল ‘Provoked‘ যাৰ অৰ্থ Oxford English Dictionary এ এইদৰে দিছে–
◆ Stimulate or give rise to (a reaction or emotions, typically a strong or unwelcome one) in someone.
◆ Deliberately make (someone) annoyed or angry.
অৰ্থাৎ আনৰ মনত বিৰক্তিভাৱ নাইবা খং জাগ্ৰত কৰা অথবা ইচ্ছাকৃতভাৱে কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা ।
Provoked হৈছে ২০০৬ চনত মুক্তি লাভ কৰা এখন ব্ৰিটিছ জীৱনীমূলক বোলছবি যিখন পৰিচালনা কৰিছিল জগ মুন্ধ্ৰাই । ২০০৭ চনত উক্ত ছবিখন কান বোলছবি মহোৎসৱতো প্ৰদৰ্শন কৰা হয় ।
ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল ঐশ্বৰ্য্য ৰায় বচ্চনে আৰু তেওঁৰ স্বামী দীপকৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল নবীন এন্দ্ৰিউচে ।
ছবিখনৰ কাহিনীভাগ আগবাঢ়িছে কিৰণজিত আহলুৱালিয়াক কেন্দ্ৰ কৰি । সংক্ষিপ্ত কৈ ছবিখনৰ কাহিনীভাগ এনেধৰণৰ— ছবিৰ নায়িকা কিৰণৰ বিয়া হয় দীপক নামৰ ভাৰতীয় মূলৰ UK ৰ বাসিন্দা এগৰাকীৰ সৈতে । ১৯৫৫ চনত পঞ্জাৱৰ চক কালাল নামে ঠাইত জন্মগ্ৰহণ কৰা কিৰণ আছিল তথাকথিত অইন ভাৰতীয় নাৰীবোৰৰ দৰেই এগৰাকী ।
বিয়াৰ পূৰ্বে স্বামীৰ মুখ নেদেখা, একো নজনাকৈয়ে দীপকৰ সৈতে বিয়াত বহা কিৰণ আছিল মধ্যবিত্ত ঘৰৰ উচ্চাকাংক্ষী ছোৱালী যাৰ আছিল উচ্চ শিক্ষা গ্ৰহণ তথা আইনৰ ডিগ্ৰী লোৱাৰ প্ৰবল ইচ্ছা কিন্তু একমাত্ৰ ঘৰৰ মানুহৰ চাপত পৰিয়েই ২২ বছৰ বয়সত তাই বিয়াত বহিব লগা হয় । বিয়াৰ পিছতো পঢ়া শুনা কৰিব পাৰিব বুলি দীপকে তাইৰ ঘৰৰ মানুহৰ আগত কথা দিছিল যদিও পিছলৈ তেওঁ নিজৰ কথা ৰখা নাছিল আৰু কিৰণ বন্দী হৈ পৰিছিল ঘৰৰ চাৰি বেৰৰ মাজত আৱদ্ধ হৈ ।
অন্য নাৰীৰ সৈতে অবৈধ সম্পৰ্ক, মদ, জুৱা আদি বেয়া স্বভাৱ থকা দীপকে সংসাৰৰ দায়িত্ব পালন কৰিবলৈ ইচ্ছুক নাছিল । অনাহক কথাক লৈ খং, সন্দেহ আদি কাৰণত প্ৰায়েই দীপকে শাৰীৰিক আৰু মানসিক ভাৱে শোষণ কৰিছিল কিৰণক ।
তাৰোপৰি কিৰণ বলি হৈছিল বৈবাহিক ধৰ্ষণৰ । দহ বছৰীয়া সাংসাৰিক জীৱনত দুটা সন্তানৰ জন্ম হোৱাৰ পিছতো দীপকৰ অত্যাচাৰ কমি নগ’ল, বৰং সেয়া দিনে দিনে সহ্যৰ সীমাৰ বাহিৰ হৈ গ’ল কিৰণৰ বাবে ।
এদিনৰ কথা, ১৯৮৯ চনৰ বসন্ত কালৰ এটি সন্ধিয়া । সিদিনা দীপকে কিৰণক প্ৰচণ্ড আঘাত কৰে, লগতে গৰম ইস্ত্ৰীৰে তাইৰ মুখখন জ্বলাই দিবলৈ চেষ্টা কৰে ।
কথমপি নিজক বচাবলৈ সক্ষম হোৱা কিৰণৰ সিদিনা ধৈৰ্যৰ বান্ধ ছিগি যায় আৰু তাই নিজৰ স্বামীক শুই থকা অৱস্থাত জুই লগাই দি ওচৰতে থকা বাগিচাত আত্মগোপন কৰে ।
পুলিচে কিৰণক বাগিচাৰ পৰা উদ্ধাৰ কৰে আৰু তদন্ত কৰিবলৈ থানালৈ লৈ যায় । দেহৰ ৪০% তকৈও অধিক ভাগ জ্বলি যোৱা দীপকে ১০ দিন পিছত চিকিৎসালয়ত মৃত্যুবৰণ কৰে । তাৰ পিছতেই UK ৰ আদালতে কিৰণক নিজৰ স্বামীক হত্যাৰ অপৰাধত যাৱজীৱন কাৰাদণ্ড প্ৰদান কৰে ।
বিপক্ষৰ উকীলে দিয়া যুক্তি অনুসৰি তেওঁ যিহেতু ‘Cool Off Period’ অৰ্থাৎ দুয়ো পক্ষৰ আলোচনাৰ অন্তত কিবা এটা সিদ্ধান্তত উপনীত হ’ব পৰাকৈ দুঘণ্টা সময় হাতত আছিল অথচ তাৰ পৰিৱৰ্তে কিৰণে সুপৰিকল্পিতভাৱে স্বামীৰ গাত অগ্নি সংযোগ কৰিছিল সেয়ে তেওঁক ‘Diminished Personality’ (অস্বাভাৱিক মানসিক স্থিতিৰ বাবে কাৰোবাক হত্যা কৰিলে সেয়া আইনৰ দৃষ্টিত হত্যা বুলি ধৰা নহয়) ৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰি, সেয়ে তেওঁক হত্যাৰ অভিযোগত অভিযুক্ত কৰা হৈছিল ।
আদালতত কেচ চলি থকা সময়ত প্ৰমোচনৰ লোভত আৰক্ষীয়ে দিয়া মিছা প্ৰমাণ, শাহুৱেকে দিয়া মিছা সাক্ষী, উকীলৰ অকাট্য যুক্তিৰ সন্মুখত তিষ্ঠিব নোৱাৰি শেষত কিৰণ হৈ পৰিছিল কাৰাবন্দী । কিন্তু লোকদৃষ্টিত সেয়া বন্দীত্ব হ’লেও কিৰণৰ বাবে আছিল সেয়া স্বাধীন জীৱনৰ প্ৰথম স্বাদ ।
কিয়নো কাৰাবাসত থকা সময়তে কিৰণৰ ব্যক্তিত্বৰ উত্থান হৈছিল, ন ন সংগীৰ সংগলাভৰ ফলত কিৰণৰ ভিতৰত থকা মানুহজনীয়ে নতুনকৈ প্ৰাণ পাইছিল, সাহসী হৈছিল, নিজৰ অধিকাৰৰ হকে মাত মাতিব পৰাকৈ হৈ পৰিছিল সক্ষম । অৱশেষত কিৰণৰ জীৱনে এটা নতুন মোড় ল’লে ।
ঘটনাক্ৰমে কিৰণৰ কেচটোৰ ওপৰত চকু পৰে Southall Black Sisters নামৰ এটা সংস্থাৰ । তেওঁলোকে কিৰণৰ মুক্তিৰ দাবীত পুনৰ আদালতৰ ওচৰত অবিচাৰৰ অভিযোগ উত্থাপনেৰে আপীল দাবী কৰে । সেই সময়ছোৱা কিৰণ তথা সংস্থাটোৰ বাবে সহজ নাছিল ।
১৯৯২ চনত পুনৰ কেচটো আৰম্ভ হয় য’ত প্ৰমাণ হয় যে UK আইন অনুসৰি Diminished Responsibility under S.2 Homicide Act 1957 অনুসৰি বিগত দহ বছৰে দীপকে কিৰণৰ ওপৰত যি অত্যাচাৰ, শোষণ চলাইছিল তাৰ ফলশ্ৰুতিত কিৰণৰ মানসিক স্থিতি অস্বাভাৱিক হৈ পৰে আৰু তাৰ কৰ্মকাণ্ডই তাইক দীপকক হত্যা কৰিবলৈ ‘Provoke’ কৰে ।
গতিকে সেয়া Voluntary Manslaughter ৰূপে গণ্য কৰি কিৰণৰ শাস্তিৰ ম্যাদ হ্ৰাস কৰা হয় আৰু তেখেতে ইতিমধ্যে জেইলত কটোৱা সময়খিনিকে তেওঁৰ শাস্তিৰ ম্যাদ হিচাপে গ্ৰহণ কৰি তেওঁক মুক্তি দিয়া হয় ।
চিনেমাখনৰ জৰিয়তে আমাক থূলমূলকৈ এইখিনি কথা জনোৱা হয় যদিও কিৰণৰ বিষয়ে আৰু অধিক অধ্যয়ন কৰি জানিব পাৰিছিলো যে তেওঁ কেবাবাৰো দীপকৰ ঘৰৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল ।
আনকি তেওঁ নিজৰ পিতৃৰ পৰিয়ালৰ পৰা সহায় ভিক্ষা কৰিছিল যদিও তেওঁলোকে নিজৰ দায় সৰা মনোভাৱৰ পৰিচয় দি পৰিয়ালৰ সন্মান-প্ৰতিষ্ঠা, মৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখি জীয়েকক তেনেকৈয়ে মৰিবলৈ বুলি এৰি দিছিল যিটো আমাৰ ভাৰতবৰ্ষত সততে দেখিবলৈ পোৱা যায় ।
যা হওক কিৰণজিত হাৰ মনা বিধৰ ব্যক্তি নাছিল । তেখেতৰ সংগ্ৰামৰ কাহিনীয়ে বাহিৰৰ দেশত বসবাস কৰি ঘৰুৱা হিংসাৰ বলি হোৱা নাৰীসকলৰ কথাটো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ।
ৰাতিৰ ভিতৰতে তেওঁ হৈ পৰিছিল সকলোৰে আদৰ্শ নাৰী ।
আনকি তেওঁৰ “শক্তি, সামৰ্থ্য, ব্যক্তিগত প্ৰাপ্তি, মানসিক দৃঢ়তা আৰু আনৰ জীৱনলৈ পোহৰ বিৰিঙাই অনাৰ যি অংগীকাৰ” তাৰ বাবেই তেওঁলৈ ২০০১ চনত প্ৰথমবাৰৰ বাবে “Asian Women Awards” নামেৰে এটি বঁটা আগবঢ়োৱা হয় ।
কিৰণৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ভৱিষ্যতেও এনে বহু কিৰণ নিজৰ অধিকাৰৰ হকে আগবাঢ়ি আহক, আমি তাকেই কামনা কৰিম ।
[Writer Lipika Das, Assistant Teacher, Goaltuli Girls’ M.E. School, Goalpara]
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)