-দীপজ্যোতি গগৈ |
[ ডাৰউইনৰ জন্মদিন উপলক্ষে]
অংকুৰ দাই এদিন মাৰ্ক্স আৰু ডাৰউইনক একেলগে চাব কৈছিল,যিহেতু বেলেগ এটা প্ৰসংগত ডাৰউইনৰ কিছু কথা চাই আছিলোঁ। ডাৰউইন ১৮৩৭ মানলৈ লণ্ডনতে আছিল,পিছলৈ ১৮৮২ত ইংলেণ্ডৰে কেন্ট চহৰত মৃত্যু পৰ্যন্ত নিগাজীকৈ থাকে। মাৰ্ক্স আহে লণ্ডনলৈ এগৰাকী ৰাজনৈতিক শৰণাৰ্থী ৰূপে ১৮৪৯ চনত,মৃত্যু পৰ্যন্ত(১৮৮৩) তেঁৱো তাতে থাকে। ডাৰউইন আছিল মাৰ্ক্সতকৈ প্ৰায় ৯ বছৰ ডাঙৰ,মৃত্যু ঘটে এবছৰ আগত। দুয়োজনে লগ হোৱা কথা জনা নাযায় যদিও চিঠি-পত্ৰৰ মাজতে সম্পৰ্ক বৰ্তি আছিল। বৌদ্ধিক দিশৰ ফালৰ পৰা দুয়ো সমসাময়িক,খুৱ নিকটবৰ্তী। “দাছ কেপিটেল” গ্ৰন্থ খন মাৰ্ক্সে নিজে ডাৰউইনলৈ প্ৰেৰণ কৰিছিল,১৮৭৩ৰ ১৬ জুন তাৰিখে লিখা চিঠিৰ শেষত নিজকে ডাৰউইনৰ “আন্তৰিক প্ৰশংসক”(his sincere admirer Karl Marx) বুলি অভিহিত কৰে। “দাছ কেপিটেল” খনৰ খচৰা প্ৰস্তুতৰ সময়তো মাৰ্ক্সে ডাৰউইনৰ “Origin of species” খনো বিচাৰলৈ আনিছিল। ডাৰউইনৰ “প্ৰাকৃতিক নিৰ্বাচন”(Natural Selection) তত্বক মাৰ্ক্সে প্ৰাকৃতিক প্ৰযুক্তিৰ ইতিহাস(The history of natural technology) ৰূপে আখ্যা দিয়ে,অৰ্থাৎ জীৱনত বৰ্তি থাকিবলৈ উৎপাদনৰ আহিলা ৰূপে ব্যৱহৃত জীৱ আৰু উদ্ভিদৰ দেহৰ অংগ-প্রত্যংগ গঠনৰ তত্ব। ডাৰউইনে মাৰ্ক্সৰ চিঠিৰ প্ৰত্যুত্তৰ দি ১ অক্টোবৰ,১৮৭৩ লিখা চিঠি এইদৰে সামৰে- “….I heartily wish I was more worthy to receive it,by understanding more of the deep and important subject of political economy. Though our studies have been so different,I believe that we both earnestly desire the extension of knowledge and that in the long run is sure to add to the happiness of mankind. I remain, Yours faithfully, Charles Darwin.”
মাৰ্ক্সৰ সহযোগী এংগেলছ জাৰ্মানীৰ পৰা ১৮৪২ চনত ইংলেণ্ডলৈ আহে,তেওঁ “Origin of species” প্ৰকাশৰ দুসপ্তাহৰ ভিতৰতে পঢ়ি শেষ কৰি “Excellent” ৰূপে অভিহিত কৰিছিল। মাৰ্ক্সৰ মৃত্যু দিনা তেওঁ কৈছিল এইদৰে- “… যিদৰে ডাৰউইনে জৈৱিক প্ৰকৃতিৰ প্ৰগতিৰ সূত্ৰ আৱিষ্কাৰ কৰিলে,সেইদৰে মাৰ্ক্সে মানৱ ইতিহাসৰ প্ৰগতিৰ সূত্ৰ আৱিষ্কাৰ কৰে।”