লন্ডনৰ নতুন নিয়ম
এতিয়াৰে পৰা বৃটেইনৰ ‘চাব-ৱে’ (Sub-way)ত কোনো মহিলাৰ পিনে একেথৰে চাই থকা ব্যক্তিৰ কাৰাবাস হ’ব পাৰে! এনে নিয়ম আৰম্ভ হৈছে লন্ডনৰ স্থানীয় পুলিচে।
কৰ’নাৰ পটভূমিত আৰম্ভ হোৱা ‘লকডাউন’ সমাপ্ত হোৱাৰ পিছত হঠাৎ বৃটেইনৰ ট্ৰেইন, বাছ, পদপথত মহিলাক শাৰীৰিক নিগ্ৰহ কৰা অভিযোগ ১৭৫% বৃদ্ধি পাইছে। এনে পৰিসংখ্যাৰ বাবে পুলিচৰো টোপনি নোহোৱা হৈছে। গতিকেই লন্ডনৰ প্ৰশাসনে এই ধৰণৰ কঠোৰ নিয়ম বলবৎ কৰিছে।
সংশ্লিষ্ট সূত্ৰৰ পৰা জানিব পৰা গৈছে যে সম্প্ৰতি লন্ডনকে ধৰি চহৰ সমূহৰ ‘চাব-ৱে’ৰ ভিতৰত মহিলা সকলক উত্যক্ত কৰা ঘটনা মাৰাত্মক হাৰত বৃদ্ধি পাইছে। সেই কাৰণেই এনে কঠোৰ পদক্ষেপৰ বিষয়ে পুলিচে ঘোষণা কৰিছে। লন্ডনৰ পুলিচে জনাইছে যে যদিহে কোনো মহিলাৰ পিনে একেথৰে দৃষ্টিনিক্ষেপ কৰা বুলি কোনোবাৰ বিৰুদ্ধে অভিযোগ পোৱা যায়, তেনেক্ষেত্ৰত সেই ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হ’ব পাৰে। এই বিষয়ে ইতিমধ্যে এক নিৰ্দেশনা জাৰি কৰা হৈছে বুলি বৃটেইনৰ পৰিবহন পুলিচৰ ডেপুটি চুপাৰিনটেন্ডেন্ট চাৰা হোৱাইট-এ সদৰি কৰিছে।
সেই নিৰ্দেশনাত কোৱা হৈছে, কোনো ব্যক্তিয়ে কোনো মহিলাৰ প্ৰতি ‘অস্বাস্থ্যকৰ আচৰণ’ কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ’ব। স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিনিধি সকলৰ সৈতে হোৱা মেলত চাৰা হোৱাইটে কৈছে – ‘ওচৰে পাজৰে থকা সামগ্ৰী বা দৃশ্যৰাজিলৈ দৃষি নিক্ষেপ কৰাটো মানুহৰ সহজাত অভ্যাস। সেই সম্পৰ্কে ক’বলগীয়া একো নাই। কিন্তু কোনোবাই যদি বিশেষভাৱে দীৰ্ঘ সময়ৰ বাবে একেথৰে বা বাৰম্বাৰ কোনো মহিলাৰ পিনে চাই থাকে, তেনে ক্ষেত্ৰত সেয়া হৈ পৰে অস্বস্তিকৰ। বহু সময়ত অপৰাধী সকলৰ মাজত এনে আচৰণ দেখা যায়।’
বাটে- হাটে মহিলাক অনুসৰণ কৰা ঘটনাও সুলভ আৰু এনেদৰেও গুৰুতৰ অপৰাধ সংঘটিত হোৱাৰ উদাহৰণ আছে। এনে পৰিস্থিতি এৰাবলৈ এতিয়া অধিক সতৰ্কতা অৱলম্বন কৰিছে বৃটিছ পুলিচে। পুলিচৰ মতে ‘চাব-ৱে’ত বহু সময়ত মানুহৰ সমাগম নাথাকে আৰু সেই নিৰল পৰিস্থিতিৰ পটভূমিত সুযোগৰ অপেক্ষাত ৰৈ থাকে দুস্কৃতিকাৰী। কোনো মহিলাক অকলশৰীয়াকৈ পালেই অশালীন আচৰণ কৰা হয়।
এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, পুলিচ প্ৰশাসনে নিশ্চিত কৰিবলৈ সাজু হৈছে। এইবিষয়ে মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈও প্ৰচাৰ চলোৱা হৈছে। চাব-ৱে কেন্দ্ৰিক ট্ৰেইন বোৰতো পোষ্টাৰ লগোৱা হৈছে। কেনে ধৰণৰ আচৰণক শাৰীৰিক নিগ্ৰহ বুলি ধৰা হৈছে, সেই তথ্য প্ৰচাৰ কৰা হৈছে।
বহুতৰে বক্তব্য, বহু মহিলাই নতুন নিয়মক ব্যৱহাৰ কৰি পুৰুষ সহযাত্ৰী সকলক বিপদত পেলাবলৈ চেষ্টা কৰিব। কিন্তু লন্ডনৰ পুলিচে এতিয়া তেনে বক্তব্যক গুৰুত্ব দিবলৈ নাৰাজ।
25-04-2022 [Headline Image: BBC]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.