শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনৰ বাংলাদেশ সংযোগ
যুগান্ত বায়ন
মহাপুৰুষ শংকৰদেৱৰ বৈষ্ণৱ ভক্তি-আদর্শ কেৱল এটি ধর্মীয় মতবাদ নাছিল, ই আছিল সংস্কাৰকামী সামাজিক মতাদর্শও।
এই মহত্ত্বৰ বাবেই বৈষ্ণৱ আদৰ্শই পৰিগ্ৰহ কৰিছে সার্বজনীন ৰূপ। সম্প্ৰতি আমাৰ চুবুৰীয়া দেশ বাংলাদেশতো বৃদ্ধি পাইছে শংকৰদেৱৰ আদৰ্শৰ অনুগামীৰ সংখ্যা। চলিছে গুৰুজনাৰ বৈষ্ণৱ সাহিত্য-সংস্কৃতিৰ।
এই চর্চা যে কেৱল হিন্দু সমাজতে চলিছে এনে হয়, মুছলমান গুণগ্রাহীও আছে। অতি সম্প্রতি বাংলাদেশত একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰি থকা শংকৰদেৱ ফাউণ্ডেচনে মাধৱদেৱৰ বাংলাদেশৰ সাহিত্য-সংস্কৃতিৰ লগত থকা সংযোগৰ বিষয়ে অধ্যয়ন কৰি তেওঁৰ সৃষ্টি তথা কৰ্মৰাজিক গুণমুগ্ধসকলৰ মাজলৈ নিয়াৰ বাবে ব্যাপক আঁচনি গ্রহণ কৰিছে।
ইয়াৰ ফলত বাংলাদেশত মাধৱদেৱৰ কৰ্মৰাজিক বাংলাদেশৰ সম্পদ হিচাপে গণ্য কৰিবলৈ গুণগ্রাহীসকল তৎপৰ হৈ পৰিছে। যি সময়ত অসমত মহাপুৰুষ দুজনাক কেৱল আবির্ভাৱ তথা তিৰোভাৱ তিথিত স্মৰণ কৰাৰ বাহিৰে তেওঁলোকৰ সৃষ্টিৰাজিক অধ্যয়ন কৰাৰ অনীহা প্রকাশ কৰা হৈছে, সেই সময়তেই বাংলাদেশৰ জনসাধাৰণে গ্ৰহণ কৰা এনে সচেতনতাৰ দৃষ্টান্তই বিশেষ তাৎপৰ্যৰ ইংগিত দিছে।
মন কৰিবলগীয়া যে, বাংলাদেশৰ গাজীপুৰস্থিত শংকৰদেৱ ফাউণ্ডেচনৰ উদ্যোগত বৈষ্ণৱ গুৰু দুজনাৰ তিথিকে ধৰি বিভিন্ন পাৰ্বণৰ আয়োজন কৰা হৈ আছে। অনুষ্ঠানটোৰ উদ্যোগতেই গুৰু দুজনাৰ একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বাংলাদেশত প্ৰকাশ কৰি উলিয়াইছে কেইবাখনো গবেষণামূলক গ্রন্থ।
অনুষ্ঠানৰ এগৰাকী উদ্যোক্তা সুবোধ চন্দ্র দাসে লিখিছে ‘শংকরদেব ও আসামের ভক্তি আন্দোলন, শ্রীশ্রীমাধবদের ও আসামের ভক্তি আন্দোলন’ আৰু ‘মহাপুৰুষীয়া কল্যাণ সূত্রম’ শীর্ষক গ্রন্থ।
তেনেদৰে বাংলাদেশী লিখক পার্থ সাৰথিয়ে লিখি উলিয়াই তে “আসামের ভক্তি আন্দোলন ও সত্ৰীয়া শিল্প কলা‘ শীর্ষক আন এখন অন্যতম গ্রন্থ। উমেশ চন্দ্ৰ দে’ ৰচিত আৰু বাণী প্রসন্ন মিশ্র সম্পাদিত ‘শংকৰদেৱ’ শীর্ষক গ্রন্থখনিও এই প্রসংগত প্রণিধানযোগ্য।
স্মৰ্তব্য যে বাংলাদেশৰ বিভিন্ন প্রান্তত অতীজতে বিভিন্ন কর্মসূত্রে প্ৰব্ৰজন কৰি বসতি স্থাপন কৰিছিল কেইবাটাও অসমীয়া পৰিয়ালে। বাংলাদেশৰ শংকৰদেৱ ফাউণ্ডেচনৰ সম্পর্কিত হৈ আছে প্রায় দুশটা পৰিয়াল। গাজীপুৰত তেওঁলোকে স্থাপন কৰিছে নামঘৰো। গুৰু আসন সন্মুখত থৈ তেওঁলোকে নিয়মিতভাবে নাম-প্ৰসংগও কৰে।
গুৰুত্বপূৰ্ণ কথা এয়ে যে এনে অনুষ্ঠানৰ প্ৰতি মুছলিম সম্প্ৰদায়ৰ লোকেই সহায়-সহযোগ আগবঢ়াই আহিছে বুলি জনা যায়। প্রসংগত উল্লেখৰ প্ৰয়োজন যে, শ্ৰীমন্ত শংকৰদেৱৰ প্রধান শিষ্য মাধৱদেৱৰ পিতৃপুৰুষৰ ঘৰ আছিল বাংলাদেশত। সেই হেতু মাধৱদেৱৰ স’তে বাংলাদেশৰ ইতিহাস জড়িত হৈ আছে।
১৪৮৯ চনত অসমৰ উত্তৰ লখিমপুৰ জিলাৰ লেতেকী পুখুৰীত জন্মগ্ৰহণ কৰা মহাপুৰুষ মাধৱদেৱৰ পিতৃপুৰুষ বাস কৰিছিল বাংলাদেশৰ ৰংপুৰৰ বান্দুকায় অঞ্চলত। তেওঁলোকে গিৰি পৰিয়ালৰ লোক আছিল। বান্দুকা ক’ত আছিল, তাক আজি আৱিষ্কাৰ কৰা অসম্ভৱ। গোবিন্দ গিৰিক মহাদেৱ ভূঞা অথবা দীঘলপুৰিয়ী গিৰি নামেৰেও মতা হৈছিল৷
তেওঁ ৰংপুৰৰ এজন জমিদাৰৰ তলত মজুমদাৰ পদত চাকৰি কৰিছিল। তেওঁ পৰৱৰ্তী কালত শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নামধৰ্মৰ প্ৰতি আকৃষ্ট হৈ শংকৰদেৱৰ ওচৰলৈ গুচি যায়। তাতেই জন্ম হয় মাধৱদেৱৰ। তাতেই তেওঁ ন্যায়শাস্ত্র তথা তর্ক-বিদ্যা, কবিতা তথা কায়স্থী বিদ্যাত পাকৈত হৈ উঠে। ৰংপুৰৰ স্বনামধন্য তাত্ত্বিক ৰাজেন্দ্ৰ পণ্ডিতৰ চতুস্পাঠীৰ মাধৱদেৱে শিক্ষাগ্রহণ কৰিছিল।
যি সময়ত অসমত গুৰু দুজনাৰ অনবৈদ্য সৃষ্টিক বিকৃত ৰূপত উপস্থাপন কৰাৰ দুঃসাহস কৰাৰ বাবে একাংশই অপচেষ্ঠা কৰাৰ কাৰ্য্যত ব্ৰতী হৈছে, তথাকথিত বিশ্বায়নৰ ঢৌত উতি গৈ অসমীয়া জাতিক প্ৰতিষ্ঠা কৰা শংকৰদেৱ-মাধৱদেৱকে ধৰি আমাৰ অতি নমস্য মহাপুৰুষ সকলে দেওখুৱাই যোৱা আদৰ্শ আৰু বিশাল সংস্কৃতিক পাহৰি বিজতৰীয়া সংস্কৃতিক প্ৰাধান্য দিয়াৰ প্ৰতিযোগিতাত নামি পৰিছে, সেই সময়তেই আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত গুৰু দুজনাৰ বিশাল কৰ্মৰাজিক অধ্যয়ন কৰাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে নানান প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই গ্ৰহণ কৰি অহা পদক্ষেপ অসমৰ সাম্প্ৰতিক পৰিস্থিতিক আকৌ এবাৰ নতুন ৰূপত মূল্যায়ন কৰাৰ বাবে এক মননশীল বাৰ্তা কঢ়িয়াই আনিছে।
এনে প্রেক্ষাপটত বাংলাদেশত থকা অসমীয়া মূলীয় হিন্দুসকল বৈষ্ণৱ আদৰ্শৰ প্ৰচাৰ-প্ৰসাৰত অতিৰিক্ত উৎসাহ অনুভৱ কৰিছে। মহাপুৰুষ মাধৱদেৱ, যাৰ অস্তিত্ব অবিহনে অসমীয়া জাতিৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি। তেওঁৰ সৃষ্টি তথা কৰ্মৰাজি ভাৰতৰ সীমা অতিক্ৰমি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশকো ধন্য কৰি তুলিছে।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)