-অৰবিন্দ ৰাভা |
উত্তৰ প্ৰদেশৰ হাথৰসৰ বীভৎস ঘটনাটোতকৈও অধিক বীভৎস ঘটনা হৈ পৰিছে ‘যোগী’ আদিত্যনাথৰ বি-জে-পি চৰকাৰ আৰু কেন্দ্ৰৰ মোডী নেতৃত্বাধীন বি-জে-পি চৰকাৰৰ ভূমিকা। হাথৰসৰ মনীষা কান্ডৰ বীভৎসতাই যাতে ভাৰত পাৰ হৈ বিদেশত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে, তাৰবাবে এতিয়া চলিছে আপ্ৰাণ চেষ্টা। মোডীৰ পদযুগলত ব্ৰহ্মাণ্ড দৰ্শন কৰাসকলে বৰং প্ৰশ্ন উত্থাপন কৰিছে , হাথৰস কিয় হৈ পৰিছে ৰাজনৈতিক পৰ্যটন কেন্দ্ৰ’! অৰ্থাৎ, এনে ঘটনা কোনো অস্বাভাৱিক ঘটনা নহয়। কিন্তু হাথৰসৰ অকল্পনীয় ঘটনাৰ প্ৰতিক্ৰিয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি আছে ‘যোগী’ আদিত্যনাথে, নৰেন্দ্ৰ মোদীয়ে। এতিয়া যদি বালাকোটৰ দৰে কিবা ঘটনা ঘটেও – আচৰিত হবলগীয়া একো নাই। সুশান্ত সিং ৰাজপুতৰ ঘটনাই আৰু নো কিমান টানিব! মোডী আৰু যোগী, দুয়োজনেই সম্প্ৰতি বিব্ৰত। সেইবাবেই ৯.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ শূণ্য সুৰঙ্গৰ ভিতৰেৰে গাড়ীত উঠি যাওতে, খোজ কাঢ়ি থাকোতে- কোনো মানুহৰ উপস্থিতি নাথাকিলেও মোডীয়ে সুৰঙ্গত থকা অদৃশ্য অশৰীৰিসকলক উদ্দেশ্য কৰি হাত জোকাৰিব লগীয়া হৈছে! অৰ্থাৎ, তেওঁ ক’ত আছে, কি কৰি আছে, পাহৰি গৈছে। কিন্তু বেশভূষা একেবাৰে সৌ তাহানিৰ ৰিলায়েন্সৰ ‘Only Vimal’ বিজ্ঞাপনৰ মডেলৰ দৰে, চমৎকাৰ! এতিয়ালৈও তেওঁৰ মুখেৰে হাথৰস সম্পৰ্কত কোনো শব্দ ওলোৱা নাই! কাৰণ বিহাৰত নিৰ্বাচন আছে! কোনো পক্ষই যাতে বেয়া নাপায়, সেইকাৰণে তেওঁ বৰ্তমান “নীৰৱ” মোডী!
গভীৰ নিশা নিৰ্যাতিতাৰ মৃতদেহ পৰিয়ালক নিদি কাঠ জাপি, গেলনৰ পৰা তৰল ঢালি, দিয়াচলাইৰ সহায়ত বি-জে-পি যোগীৰ পুলিচে জ্বলাই দিলে। সেই ঘটনা ‘ইন্ডিয়া টুডে’ৰ সাংবাদিক তনুশ্ৰী আৰু তেওঁৰ সৈতে যোৱা কেমেৰামেন ৱাকাৰ আহমেদে কেমেৰাবন্দী কৰি সকলোৰে দৃষ্টিগোচৰ কৰিছিল। সেই দৃশ্য দেখুৱাই লগে লগে তনুশ্ৰীয়ে টুইট কৰিছিল, “অবিশ্বাস্য! মোৰ ঠিক পিছফালেই হাথৰস গোচৰ সম্পৰ্কীয় মৃতকৰ দেহ জ্বলাবলৈ আৰম্ভ কৰা হৈছে, জ্বলি আছে। পুলিচে মৃতকৰ পৰিয়ালৰ সকলো সদস্যক ঘৰত আটক কৰি থৈছে। আৰু সকলোৰে অগোচৰে মৃতদেহ জ্বলাই আছে!”
তনুশ্ৰীৰ দুটা টুইট আছিল এনেধৰণৰঃ
প্ৰথমটো•
#HathrasCase Can’t believe my ears. UP cop giving gyaan to inconsolable family -” riti riwaaz samay ke saath badalte hain. Aur aap log maaniye ki aap log se bhi galti hui hai.”
Family begging, ” why are you not letting us take our daughter home for sometime? Why are you forcing”
দ্বিতীয়টো•
ABSOLUTELY UNBELIEVABLE – Right behind me is the body of #HathrasCase victim burning. Police barricaded the family inside their home and burnt the body without letting anybody know. When we questioned the police, this is what they did.
(ভিডিঅ’)
########
বাতৰিকাকতত এতিয়া এনেদৰে বাতৰি প্ৰকাশ হৈছে- উত্তৰপ্ৰদেশৰ হাথৰসত দলিত তৰুণীক ধৰ্ষণ, তেওঁৰ মৃত্যু আৰু যোগী আদিত্যনাথৰ বি-জে-পি চৰকাৰে ঘটনাটো ঢাকি পেলাবলৈ কৰা অকল্পনীয় চেষ্টা সম্পৰ্কে ভাৰত উত্তাল। এয়া হ’ল বহিৰঙ্গৰ দৃশ্যপট। কিন্তু সেই ঘটনাপ্ৰবাহৰ সূত্ৰধাৰ হৈ ৰৈ গ’ল দুগৰাকী সাংবাদিক। তাৰে এগৰাকী সত্যৰ প্ৰতি দায়ৱদ্ধ, নিৰপেক্ষতাৰ প্ৰতি নহয়। অইনগৰাকীয়ে ভাবে যে জীৱনৰ প্ৰকৃত বিষাদময়তা হ’ল জীয়াই থকা দিনবোৰত নিজৰ ভিতৰৰ বোধসমূহক হত্যা কৰা! তনুশ্ৰী পান্ডে আৰু প্ৰতিমা মিশ্ৰ – হাথৰস কান্ড পোহৰলৈ অনা আচল বীৰাঙ্গনা। সাংবাদিকতাৰ আকাশত নতুন তৰা। এইপৰ্যন্ত তনুশ্ৰীৰ সেই কেমেৰাবন্দী দৃশ্য দেখা পাইছে ৩৩+ লক্ষ মানুহে। দেখিছে,হাথৰসৰ নিৰ্যাতিতাৰ মৃতদেহ ‘দাহ’ কৰা নহ’ল, কাঠৰ টুকুৰা জ্বলোৱাৰ দৰে জ্বলাই দিয়া হ’ল, পুৰি পেলোৱা হ’ল।
সেয়া আছিল যোৱা মঙলবাৰ-বুধবাৰৰ নিশাৰ ঘটনা। বৃহস্পতিবাৰে ময়দানত নামিল সাংবাদিক প্ৰতিমা মিশ্ৰ। সমগ্ৰ ভাৰতবৰ্ষই দেখিলে যে গান্ধী পৰিয়ালৰ নতুন প্ৰজন্মৰ ৰাহুল- প্ৰিয়ঙ্কাই য’ত প্ৰৱেশ কৰিব নোৱাৰি উভতি আহিছে, সেই স্থানত মাটিত কামোৰ মাৰি এগৰাকী শীৰ্ণকায় সাধাৰণ চেহেৰাৰ তৰুণী বহি আছে ‘বেৰিকেড’ৰ সন্মুখত। পুলিচৰ মুখত প্ৰায় সুমুৱাই দিছে চেনেলৰ ‘বুম’! ক্ৰমাগত প্ৰশ্ন কৰি গৈছে, কৰি গৈছে অবিৰাম। পুলিচে যেতিয়া পোহনীয়া ভাটৌৰ দৰে তেওঁক কৈছে যে নিৰ্যাতিতাৰ গাঁওত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব, তেতিয়া এ-বি-পি নিউজৰ প্ৰতিমাই চীৎকাৰ কৰি কৈছে -‘অৰ্ডাৰ ক’ত, গাঁওত প্ৰৱেশ কৰিবলৈ নিদিয়া অৰ্ডাৰ? অৰ্ডাৰ! অৰ্ডাৰ! অৰ্ডাৰ! অৰ্ডাৰ! অৰ্ডাৰ! অৰ্ডাৰ! অৰ্ডাৰ! …
বিব্ৰত, দিশহাৰা, থতমত খোৱা পুলিচ বিষয়াই কেমেৰাৰ ‘লাইভ ফিড’ৰ তাৰডালত ধৰি টান মাৰিছে। তাৰপিছত মহিলা আৰক্ষী মাতি আনি ক্ষীণাঙ্গী প্ৰতিমাক চাউলৰ বস্তাৰ দৰে পুলিচৰ গাড়ীত তুলি দিছে। গাঁওৰ সীমা পাৰ হৈ পকী পথ পোৱাৰ পিছতো তেওঁ মাইক্ৰ’ফোন আগবঢ়াই দিছে সন্মুখৰ ছিটত বহি থকা মহিলা বিষয়ালৈ। কৰি গৈছে অগণন প্ৰশ্ন..! সহযোগী কেমেৰামেন মনোজক কৈছে, কেমেৰা বন্ধ নকৰিবা। প্ৰায় আধাঘন্টাৰ সেই দৃশ্যৰাজি এতিয়ালৈ ৫৪+ লক্ষ মানুহে দেখা পাইছে।
দুগৰাকী সাংবাদিকে এনে কাৰ্য সম্পাদন কৰা দেখি আহ্লাদিত হৈ প্ৰৱীণ সাংবাদিক, সম্পাদক অশোক দাসগুপ্তই কৈছে, ” এয়াই হ’ল সাংবাদিকতাৰ পতাকা। এতিয়া আঠুকঢ়া সময়ছোৱাত দুগৰাকী সৰু ছোৱালীয়ে যি সাহস আৰু দক্ষতা দেখুৱালে, সেয়া অভাৱনীয়। দুয়োকে ছেলুট!” তেওঁ আৰু কৈছে,” এই দুজনীয়েই ইছুটো ৰাজনীতিবিদসকলক দিলে। যোগীৰ পুলিচে যি স্থানলৈ ৰাহুলক যাবলৈ নিদিলে, তাতে তেওলোকে প্ৰৱেশ কৰিলে। কেৱল প্ৰৱেশেই নহয়, খান্দি বাহিৰ কৰিও লৈ আহিল।…”
তিনি দশকৰো অধিক কাল সাংবাদিকতাৰ অভিজ্ঞতা থকা জয়ন্ত ঘোষালে দিল্লীৰ পৰা কৈছে যে “এনে ঘটনা মই আগতে কেতিয়াও দেখা নাই। সম্ভৱতঃ এতিয়া সৰ্বভাৰতীয় ক্ষেত্ৰত সাংবাদিকতাই যি স্থানত উপনীত হৈছে, তাৰ ফলতেই আমাৰ পেশাৰ কোনো কোনো ক্ষেত্ৰত এনে আগ্ৰাসন বা এনে বিদ্ৰোহৰ জন্ম হৈছে। উত্তৰ প্ৰদেশৰ হিন্দী বলয়ত সাংবাদিকতা কৰাটোৱেই এক প্ৰত্যাহ্বান। কিন্তু সেই উত্তৰ প্ৰদেশতেই দুজনী একেবাৰে সৰু ছোৱালীয়ে যি সাহস দেখুৱালে, তেনে ঘটনা মই মোৰ ৩৫ বছৰীয়া সাংবাদিকতাৰ জীৱনত দেখা নাই।”
এতিয়া নতুন প্ৰজন্ম জাগিছে বাবেই দেখিছে। নতুনৰ উন্মেষত জাগ্ৰত ভিৰত উপমহাদেশ। বিব্ৰত মোডীয়ে শূণ্যতেই হাত জোকাৰি আছে, যোগীয়ে চি-বি-আই মাতিছে। প্ৰথা ভাঙিছে নতুন প্ৰজন্মই। এওঁলোকৰ বহুত পিছত অৱস্থান কৰিছে তথাকথিত নিস্প্ৰভ ৰাজনীতিবিদ সকল। এওঁলোকৰ পৰা ৰাজনীতিবিদৰ লগতে সাংবাদিক সকলেও বহু কথা শিকিবলৈ আছে। দুয়োকে অলেখ অভিনন্দন…!