-মহাবাহু |
খৰগপুৰঃ বৰ্জ্য পানীক পুনৰ্ব্যৱহাৰযোগ্য কৰি তুলিবলৈ সম্প্ৰতি নতুন প্ৰযুক্তি সৃষ্টি কৰিবলৈ গৱেষণা আৰম্ভ কৰিছে খৰগপুৰৰ ‘ইণ্ডিয়ান ইন্সটিটিউট অৱ টেকন’লজি’য়ে। ইউৰোপীয়ান ইউনিয়নৰ আৰ্থিক সহযোগিতাৰে নতুন প্ৰকল্পত কাম-কাজ আৰম্ভ কৰিব খৰগপুৰৰ প্ৰতিষ্ঠানটোৱে। বিশ্বজুৰি উদ্ভৱ হোৱা পানীৰ সমস্যাৰ সমাধানৰ বাবে এবাৰ ব্যৱহাৰ কৰা পানীক পুনৰ্ব্যৱহাৰযোগ্য কৰি তোলাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ অনেক বিশেষজ্ঞই কাম-কাজ আৰম্ভ কৰিছে। ইতিমধ্যে এইক্ষেত্ৰত ইজৰাইল বহু আগবাঢ়ি গৈছে। খৰগপুৰৰ আই-আই-টিৰ বিশেষজ্ঞসকলে সেয়েহে নতুনকৈ গৱেষণাত লিপ্ত হৈছে। মাল্টি-ইন্সটিটিউছনেল, মাল্টি-কোৰ ২০ প্ৰকল্পৰ সৈতে প্ৰধান ভাৰতীয় সহযোগী হিচাপে কাম কৰিব আই-আই-টি, খৰগপুৰে। এই প্ৰকল্পত ইউৰোপীয় ইউনিয়নৰ লগতে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়েও আৰ্থিক সাহায্য প্ৰদান কৰিব। এই প্ৰকল্প বাস্তৱায়িত হ’লে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন অঞ্চলৰ পানীৰ সমস্যা লাঘৱ হ’ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পৰ বাবে খৰগপুৰ আই-আই-টি চৌহদৰ ভিতৰত তিনিটা ‘Water Treatment Plant’ তৈয়াৰ কৰা হ’ব আৰু তাতেই বৰ্জ্য পানীক লৈ গৱেষণা পূৰ্ণগতিৰে কৰা হ’ব। এনে বৰ্জ্য পানীক খেতিৰ কামতো কিদৰে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়েও প্ৰাধান্য দিয়া হৈছে। শিক্ষা প্ৰতিষ্ঠানটোৰ অন্তৰ্গত ‘আদিত্য চৌবে চেণ্টাৰ ফৰ ৰি-ৱাটাৰ ৰিৰ্ছাৰ্চ’ৰ অধ্যাপক মাকৰণ্ড মাধাও ঘনগ্ৰেকৰে কৈছে যে, তিনিটা প্লেণ্টত আমি বিভিন্ন ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি লক্ষ্য কৰিম যে কোনটো প্ৰযুক্তিত সবাতোকৈ ভালকৈ কাম-কাজ সম্পন্ন হৈছে। তদুপৰি কেইখনমান ভাৰতীয় শিক্ষা প্ৰতিষ্ঠানত এনে ধৰণৰ অতিৰিক্ত সাতোটা ‘ৱাটাৰ প্লেণ্ট’ বহুওৱাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। সেইসমূহ হ’ল, আই-আই-টি, মাদ্ৰাজ, আই-আই-টি, ভুবনেশ্বৰ, আই-আই-টি, ৰুৰকী, এন-আই-টি-আই-ই, মুম্বাই, এম-এন-আই-টি, জয়পুৰ, আৰু টি-ই-আৰ-আই স্কুল অৱ এডভান্সড্ ষ্টাডিজ। এই সকলো প্ৰকল্পৰ কাম-কাজ পৰিচালনা কৰিব আই-আই-টি, খৰগপুৰে। ইয়াৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব ইউৰোপৰ প্ৰতিষ্ঠান ‘বিওকেইউ’ (University of Natural Resources and Life Sciences, Viena) ই।