মৃত্যুক হৰুৱাবলৈ চেষ্টা বেজোচৰ
• তনয় চক্ৰৱৰ্তী
বাৰ্দ্ধক্যক অত্যন্ত ভয় কৰে জেফ বেজোচে। সেইবাবে বাৰ্দ্ধক্যক জয় কৰিবলৈ সৃষ্টি কৰিছে এক অভিযান বা ‘মিশ্যন’! মহাকাশলৈ উৰা মাৰি সফলতাৰে উভতি অহাৰ পিছত বেজোচৰ এতিয়া লক্ষ্য মৃত্যুক জয় কৰা। সেইবাবেই ‘অল্টোচ্ লেবচ্’ নামেৰে এক নতুন প্ৰতিষ্ঠান খুলিছে তেওঁ। প্ৰতিষ্ঠান বুলিলে সঠিক নহ’ব, আচলতে এয়া এক উচ্চ মানদণ্ডৰ পৰীক্ষাকেন্দ্ৰ। এই পৰীক্ষা কেন্দ্ৰত এইবছৰ(২০২২)ৰ ২০ জানুৱাৰীত যোগদান কৰিছে ‘গ্লেক্সো স্মিথ কেলাইন’ সংস্থাৰ প্ৰৱীণ বিজ্ঞানী হ্যাল বেৰণে। তেওঁ এতিয়া অল্টোচ্ লেবচ্-অৰ প্ৰধান। হ্যাল বেৰণৰ কাম হ’ব মৃত্যুৰ পৰা হাত সাৰি কিদৰে যৌৱন ধৰি ৰাখিব পাৰি – সেই কৌশল আৱিষ্কাৰ কৰা।
বয়স কিয় বাঢ়ে বা মৃত্যুৰ কাৰণ কি সেয়া অনুসন্ধান কৰিবলৈ আগবাঢ়ি যোৱা হ্যালে কৈছে যে দুটা প্ৰধান বিষয়ৰ ওপৰত জোৰ দিব লাগিব। তাৰে এটা হ’ল ‘ এপিজেনেটিক চেঞ্জ‘ আৰু অইনটো হ’ল ‘কেল’মেৰেচ্ এক্ট‘। শৈশৱৰে পৰা যৌৱন পৰ্যন্ত মানুহৰ ত্বক কমেও ৮০ ৰ পৰা ৯০ বাৰ বিভাজিত হয়। আৰু যৌৱনৰ পৰা বাৰ্দ্ধক্যৰ আগলৈ প্ৰায় ৫০ বাৰ। বাৰ্দ্ধক্যৰ পিনে আগবাঢ়ি গ’লেই কোষৰ বিভাজন হ্ৰাস পাই ২০ লৈ নামি আহে। হ্যালৰ দাবী এনেধৰণৰ যে যদিহে কোষ বিভাজন ৫০ ৰ পৰা ৭০ লৈ ৰাখি থব পাৰি, তেনেহ’লে বাৰ্দ্ধক্যক স্তব্ধ কৰাটো সম্ভৱপৰ হ’ব।
কিন্তু বাৰ্দ্ধক্যক স্তব্ধ কৰিবলৈ হ’লে জিনগত যিবোৰ পৰিৱৰ্তন আছে, সেই সমস্তকো ৰোধ কৰিব লাগিব। এই বিষয়টোক তেওঁ ‘এপিজেনেটিক চেঞ্জ’ বুলি কৈছে। অল্টোচ্ লেবচ্-অত প্ৰাথমিক গৱেষণাত দেখা গৈছে যে ৬৫ ৰ পৰা ৭০ বছৰৰ মাজত কোষৰ উৎপাদন, অৰ্থাৎ বিভাজন একেবাৰেই নহয় বুলি ধৰিব পাৰি। বৰং কোষৰ ক্ষয় বা মৃত্যু সমানে চলি থাকে। কোষৰ সংখ্যা এনেদৰে কমি থকা কাৰ্যকেই মৃত্যুৰ মূল কাৰণ বুলি হ্যালে দাবী কৰিছে। তাৰোপৰি কোষৰ সংখ্যা কমাৰ অন্তৰালত আছে ‘ডি-এন-এ’ৰ পৰিৱৰ্তন। ‘ডি-এন-এ’ৰ শেষপ্ৰান্তত যিবোৰ সৰু সৰু নেজৰ দৰে অংশ কেল’মেয়াৰ আছে, সেইবোৰৰ আকাৰ সৰু হৈ গ’লেই কোষৰ বন্ধনী শিথিল হৈ পৰে বুলি হ্যালৰ ধাৰণা।
বাৰ্দ্ধক্যৰ কাৰণ বিচাৰিবলৈ গৈ একেবাৰে বিজ্ঞানীসকলৰ দৰেই বিশ্বৰ অন্যতম ধনকুবেৰ বেজোচে কৈছে যে ‘ ইমানদিনে ধাৰণা আছিল – বাৰ্দ্ধক্য হ’ল যিকোনো প্ৰজাতিৰ বিকাশৰ পথ। অৰ্থাৎ, বিৱৰ্তনৰ মাজেৰে এটা প্ৰজাতি যিদৰে শেষ হয়, একেদৰেই অইন এটা প্ৰজাতিৰো সূত্ৰপাত হয়। কিন্তু মই নাভাবো যে বিৱৰ্তনৰ দ্বাৰা মানুহৰ জীৱনৰ পূৰ্ণতাৰ বিকাশ ঘটে। যিকোনো প্ৰজাতিয়েই হৈছে প্ৰকৃতিৰ চিকাৰ। জ্বৰ – জৰা এই চিকাৰৰ অঙ্গ। সেইবাবেই জ্বৰ-জৰাক ৰোধ কৰিব পাৰিলেই ‘মৃত্যু’ নামৰ শব্দটোক মানুহৰ জীৱনৰ পৰা সম্পূৰ্ণ মচি পেলাব পৰা যাব।’
হ্যালে তেওঁৰ পুৰণি সংস্থাত কৰ্মৰত হৈ থকা সময়ত প্ৰায় দুই দশক ধৰি কেন্সাৰৰ সৈতে জিনৰ সম্পৰ্ক সম্পৰ্কে গৱেষণা কৰিছিল। তেওঁ প্ৰমাণ কৰিছিল যে জিনগত ক্ষতিয়ে যিদৰে কেন্সাৰৰ সৃষ্টি কৰে, তেনেদৰে কেন্সাৰৰ কোষেও জিনৰ ক্ষতি কৰে। সেয়ে গ্লেক্সো স্মিথ কেলাইন সংস্থাত কাম কৰাৰ সময়তে তেওঁ কেন্সাৰ কোষ বা কাৰ্চিনোমা কোষৰ উৎপাদন ৰোধৰ বাবে বিস্তৰ গৱেষণা কৰিছিল। এতিয়াও অল্টোচ্ লেবত তেওঁৰ মূল লক্ষ্য কাৰ্চিনোমা কোষৰ উৎপাদন বন্ধ কৰা। তেওঁ নিশ্চিতভাৱে কৈছে যে যিকোনো সুস্থ স্বাভাৱিক মানুহৰ মৃত্যুৰ অন্তৰালতো থাকে কাৰ্চিনোমা কোষ। এই কোষৰ উৎপাদন শৰীৰত আৰম্ভ হ’লেই ডি-এন-এ-ৰ জেনেটিক বন্ধন সম্পূৰ্ণ ভাঙি যায়। হ্যালৰ মতৰ সৈতে বিশ্বৰ প্ৰথম শাৰীৰ বিজ্ঞানীসকলেও সহমত পোষণ কৰিছে। তেওঁলোকৰ মতে কাৰ্চিনোমা কোষ শৰীৰত উৎপাদন হোৱাটোৱেই হ’ল সকলো অনৰ্থৰ মূল। তাৰোপৰি কাৰ্চিনোমা কোষ হ’ল ৰক্তবীজৰ ডুলি বা পাচি। এবাৰ এটা কোষ জেনেটিক চেঞ্জত উৎপাদিত হ’লেই হাজাৰ- হাজাৰ, লাখ- লাখ কাৰ্চিনোমা কোষ উৎপাদিত হ’ব। এই কোষৰ সংখ্যা যিমানেই বাঢ়িব, দেহৰ সুস্থ কোষ সিমানেই ধ্বংস হ’ব। কিন্তু কাৰ্চিনোমাৰ বাবেই টেলোবিয়াৰৰ দৈৰ্ঘ্য সংকোচন ঘটে, সেয়া এতিয়াও বিজ্ঞানী মহলে মানি ল’ব বিচৰা নাই।
অল্টোচ্ লেবৰ পৰা এক বিজ্ঞপ্তি প্ৰকাশ কৰি কোৱা হৈছে, কাৰ্চিনোমা কোষৰ ৰোধ কৰিবলৈ এন্দুৰৰ ওপৰত গৱেষণা কৰা হৈছে আৰু সেই গৱেষণা কৰি সুফল পোৱা গৈছে। তেওঁলোকৰ গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে যে শৰীৰৰ ভাল কোষৰ সংখ্যা এন্দুৰৰ দেহত বৃদ্ধি পোৱাৰ ফলত এন্দুৰৰ যৌৱন বৃদ্ধি পাইছে। বিষয়টো গৱেষণা পত্ৰত প্ৰকাশ হ’লেও এতিয়াও স্বীকৃতি পোৱা নাই। মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ ইমিউনোলজি বিভাগৰ অধ্যাপক ড্যানিয়েল ডেভিচ-এ এই সম্পৰ্কে টিপ্পনী দিছে,’ বেজোচৰ এন্টি এজিং কোম্পানী অল্টোচ্ লেবচ্-এ বাৰ্দ্ধক্য ৰোধ কৰিব পাৰিব নে নোৱাৰে, সেয়া ষ্পষ্ট নহয়। কিন্তু এয়া নিশ্চিত যে কেন্সাৰৰোধী গৱেষণাৰ ক্ষেত্ৰত ই হয়তো এক মাইলৰ খুটি হিচাপে বিবেচিত হ’ব।’
Pic Source: Internet